| ||
| Here I attempt to write out my dreams and nightmares |
| ||
| I am starting to blog in Assamese at this place. Thanks, Bikram | ||
| 0 Comments | Permanent Link |
| ||
| কোনো কামত এঠাইলৈ যাব লগা হোৱাত, আবুধাবী চহৰৰ ৰাষ্টাৰ ভিৰৰ ভয়ত নিজৰ গাড়ীখন উলিওৱাৰ সলনি টেক্সীতে যাওঁ বুলি সিদ্ধান্ত ল’লো৷ ঘাইপথৰ দাঁতিত হাত বাউলি দি টেক্সী এখন ৰখালো৷ আগ চিটতে বহি লৈ চিটবেল্ট্ লগাই ড্ৰাইভাৰজনক গন্তব্যস্থান ক’ত ক’লো৷ এজন ৰঙীয়াল ডেকা, গাড়ীৰ ৰেডিঅ’টোত বাজি থকা বলিওডৰ সংগীৰৰ তালে তালে মূৰ জোকাৰি জোকাৰি তেওঁ ভিৰ নেওঁচি, যান-জঁট ভাঙি গন্তব্যস্থানলৈ গৈ থাকিল৷ মাজে মাজে তেওঁ মোৰ লগত হিন্দী-ইংৰাজীৰ মিশ্ৰণ ভাষাত কিবা কিবি কথা পাতিও গ’ল৷ চহৰখনত বাঢ়ি অহা গাড়ীৰ সংখ্যা, দাম বৃদ্ধিৰ কথা ইত্যাদি৷ এবাৰ তেওঁ মোক হঠাতে সুধিলে - "আপুনি ক’ৰ?" মই কলো - "ইন্দিয়া-ৰ" মোৰ উত্তৰত সন্দোষ্ট নহৈ তেওঁ মোক আকৌ সুধিলে - "ইন্দিয়াৰ ক’ৰ?" মই ক’লো- "অসমৰ৷ 'অসম' ক’ত জানেনে?" সাধাৰণতে পাকিস্থান আৰু দক্ষিণ ভাৰতীয় লোকসকলৰ 'অসম'-ৰ অৱস্থান লৈ খুকুজা লাগে, সেয়ে মই তেওঁলোকক অলপ বিতং বিৱৰণ দিবলৈ বিচাৰো৷ কিন্তু তেওঁ উত্তৰ দিলে - "অ’ জানো, ধৰক বাংলাদেশতে! আপোনাৰ উচ্চাৰণতে মই সন্দেহ কৰিছিলো আপুনি আমাৰ সেই ফালৰে হ’ব বুলি৷" মই তেওঁৰ কথাত আচৰিত হ’লো৷ তেওঁ ভুল কৰিছে বুলি মই শুধৰাই দিলো - "অসম ভাৰতবৰ্ষত, বাংলাদেশত নহয়"৷ তেওঁ তপৰাই উত্তৰ দিলে - "হয় জানো ভাৰতত? হা হা হা মই আকৌ বাংলাদেশত বুলিহে ভাবিছিলো৷" মোৰ ফালে চকু টিম মাৰি সি ক’লে৷ মই নাজানো সি অজানিতে ক’লে নে জানি-শুনি মোক জ্বলাবলৈ ক’লে নে আন কিবা উদেশ্য আছিল৷ মোৰ কিন্তু তাঁৰ চিঙি গ’ল, এনে লাগিল যেন গ্ৰেনেট এটা তাৰ মূখত এতিয়াই গুজি দিম!!! কোনোমতে মনে মনে বহি থাকিলো৷ তেওঁ কৈ গ’ল - "মই (বাংলাদেশৰ) ৰংপুৰ বিভাগৰ৷ এবাৰ অসমৰ গাভৰু এজনীৰ প্ৰেমত পৰিছিলো, তাইৰ ঘৰলৈও গৈছিলো৷ কিন্তু পৰিস্থিতিয়ে আমাক আগবাঢ়িব নিদিলে৷ এতিয়া তাই বা ক’ত আছে!" ৰঙীয়াল ডেকাজন অলপ গহীন হৈ গ’ল৷ চকুহাল যেন অলপ চলচলিয়া হৈ উঠিছে৷ এনেতে আমি গন্তব্যস্থান পালোহি৷ ভাড়াটো দি নিঃশব্দে মই টেক্সিখনৰ নামি গুছি আহিলো৷ | ||
| 0 Comments | Permanent Link |
| ||
| জোনাক ৰাতি অগণন তৰাই তিৰ-বিৰাই থকা মুকলি আকাশৰ তলত বহি চোতালত ককাদেউতাৰ পৰা ল’ৰালিকালত সাধু শুনা মোৰ এতিয়াও মনত আছে৷ বাঘ ভালুকৰ সাধু, ৰাম-সীতাৰ সাধু, ৰজা-ৰাণীৰ সাধু - কিমান যে বিভিন্ন প্ৰকাৰৰ সাধু! মোৰ লগতে ককাৰ আন নাতি-নাতিনী অৰ্থাৎ মোৰ নিজৰ বা সমন্ধীয়া ভাই-ভণীবোৰক এই সাধুবোৰে সন্ধ্যা সময়চোৱা মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল৷ এই পৰম্পৰা হেনু বিশ্বৰ সকলো নৃগোষ্ঠিতে অনাদি কালৰ পৰা চলি অহা দেখা যায়৷ দেখাত সাধাৰণ যেন লাগিলেও এই পৰম্পৰাৰ মানৱসভ্যতাৰ অগ্ৰগতিত এক গুৰত্বপূৰ্ণ ভুমিকা আছে৷ ই 'ভাষা' এটাক এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ নিগৰি যোৱাত সহায় কৰে৷ সাধু কওঁতে জটিল ভাৱ প্ৰকাশ কৰাত ব্যৱহাৰ কৰা শব্দভাণ্ডাৰ, বাক্য বিন্যাস, ব্যাকৰণ আদি অজানিতে ককাদেউতাই আমাক দি যায়৷ আজিৰ nuclear family-ৰ যুগত অতিজৰ পৰা চলি অহা এই পৰম্পৰা ভংগ হৈ গৈছে৷ ককাদেউতাকৰ মাত আজিৰ শিশুৱে দূৰভাষত দুইমিনিটত বাবে শুনিবলৈ পায় বা গৰমৰ বন্ধত ঘৰলৈ গ’লে কেইদিনমানৰ বাবে লগ পায়৷ ককাদেউতাৰ বাঘ ভালুকৰ, ৰাম-সীতাৰ, ৰজা-ৰাণীৰ সাধু আজিৰ পিন্টু, জিন্টুহঁতে বুজি নাপায় বা boring পায়৷ শুনিব বিচাৰে Ben-10, Spiderman, Superman আদিৰ সাধু৷ ককাদেউতাসকলে এইবোৰৰ নামেই শুনা নাই বা শুনিলেও সাধু কয় কেনেকৈ? Generation Gap! গতিকে যুগ যুগ ধৰি এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ নিগৰি অহা ভাষাৰ সেই নিজৰা হঠাতে যেন ৰৈ যাব লগা হৈছে৷ এটা প্ৰকাণ্ড বান্ধে যেন আগভেটি ধৰিছে৷ এই বান্ধ ভাঙিব লাগিব হয়তো Middle Generation টোৱে৷ অৰ্থাৎ পিন্টু, জিন্টুহতঁৰ পাপা, মাম্মা আৰু ককাদেউতাসকলৰ জানটো, মাজনী আমি মাজৰ প্ৰজন্মটোৱে৷ শব্দভাণ্ডাৰ, বাক্য বিন্যাস, ব্যাকৰণ আদি পিন্টু, জিন্টুহতঁক দিব লাগিব Ben-10, Spiderman, Superman আদিৰ সাধু কৈ৷ পাৰিমনে বাৰু আমি এই গুৰুদায়িত্ব লবলৈ? কিন্তু....
| ||
| 0 Comments | Permanent Link |
| ||
| 'শব্দ'-ৰ দফা বিশ্লেষক বা 'পাৰাগ্ৰাফ এনেলাইজাৰ' (PARANZ 2010), তৈয়াৰ কৰা হৈছিল কোনো দফাত থকা 'শব্দ'ত নথকা নতুন শব্দ সহজে বিচাৰি উলিয়াবৰ বাবে৷ প্ৰথমতে মই ভাবিছিলো যে এনেদৰে বহু নতুন শব্দ বিচাৰি পোৱা যাব৷ কিন্তু অনতিপলমে মোৰ আশাত চেচা পানী পৰিল৷ চাইবাৰ-জগতত 'গুগলিয়াই' চলাথ কৰিলো, মাত্ৰ আঙুলিৰ মুৰত গনিব পৰা দুখনমান জালস্থানহে পালো য’ত ইউনিকোডত লিখা অসমীয়া সমল (content) পোৱা যায়... ১ - ৱিকিপেদিয়াৰ কেতবোৰ পৃষ্ঠা ২ - প্ৰিয়াংকু, অঞ্জলহতঁৰ ব্লগসমূহ ৩ - নকিয়া কোম্পানিৰ জালস্থান ৪ - ৰাষ্টীয় অনুবাদ অভিযানৰ জালস্থান ৫ - প্রাকজন্ম বিকাশৰ জীবন-বিজ্ঞান ৬ - GotQuestions.Org ৭ - চন্দ্ৰকান্ত অভিধান আদি৷ ই আন ভাষাৰ সমলৰ তুলনাত নগণ্য৷ আমাৰ দফা বিশ্লেষকৰ বাবে এইবোৰ পৰ্যাপ্ত নহয়৷ দুখৰ বিষয় যে অসমীয়াত প্ৰকাশিত বহু সতাঁৰ অলোচনী, বাতৰি কাকতে jpg, gif আদিত অসমীয়া গদ্যসমূহ প্ৰকাশ কৰে৷ যেনে- আদি৷ এইবোৰ সন্ধানোপযোক্ত (searchable) সমল নহয়৷ গতিকে এইবোৰ আমাৰ বাবে বা গুগ’ল, য়াহু আদিৰ দৰে সন্ধানযন্ত্ৰ (search engine)-ৰ বাবে সমূলি উপযুক্ত নহয়৷ সন্ধানযন্ত্ৰসমূহৰ 'যান্ত্ৰিক মকৰা' বিলাকে jpg, gif-ত থকা পৃষ্ঠাবোৰ পঢ়িব নোৱাৰে আৰু সেয়ে এনে বাতৰি, প্ৰবন্ধ আদি সূচীভূক্ত কৰি সন্ধানোপযোক্ত কৰি তুলিবলৈ অসামৰ্থ হয়৷ গতিকে সন্ধানযন্ত্ৰত কোনোবাই অসমীয়াত লিখা তথ্য বিচাৰিলে, এই jpg, gif-ত থকা পৃষ্ঠাবোৰ ধৰা নপৰাকৈ থাকি যায়৷ ই সচাঁকৈয়ে অসমীয়া ভাষা চাইবাৰজগতত প্ৰচাৰ হোৱাৰ বাবে এক বৃহত হেঙাৰ হৈ ৰৈ গৈছে৷ ভাৰতীয় আন ভাষাত সন্ধানোপযোক্ত সমল অগণন পোৱা যায়৷ কেতবোৰ উদাহৰণ তলত দিয়া হ’ল- আদি৷ ১৪-মাৰ্চৰ 'শব্দ'ৰ প্ৰেছ-বিবক্তিত তেওঁলোকক এই বিষয়ে অনুৰোধ জনোৱা হৈছিল৷ কিন্তু আজি পৰ্যন্ত কোনো সহাঁৰি পোৱা নগ’ল৷ এই ব্লগৰ দ্বাৰা মই আকৌ সকলোকে চাইবাৰজগতত অসমীয়া সমল বৃদ্ধি কৰিবলৈ অনুৰোধ কৰিলো৷ (এই ব্লগত মই এই বিষয়ে আৰু লিখিম) | ||
| 0 Comments | Permanent Link |
| ||
| উত্তৰ-পূব ভাৰত আন্তঃৰাষ্টীয় সন্মীলন গুৱাহাটিত ১১-১২ জানুৱাৰীত অনুস্থিত উত্তৰ-পূব ভাৰত আন্তঃৰাষ্টীয় সন্মীলনত 'সাত ভনী অসম মিত্ৰ মঞ্চ' বা 'ফাচ্'ৰ সঞ্চালক প্ৰধান শ্ৰী ৰাজেন বৰুৱাই উদ্ধোধনী সভাত কৈছিল যে এই ভুমি আবদ্ধ অঞ্চলটোৰ অৰ্থনৈতিক উত্কৰ্ষৰ বাবে কোনো বাহিৰা শক্তিৰ ওচৰত পৰমূখাপেক্ষী হৈ থাকিলে নহ’ব৷ অঞ্চলটোৰ অৰ্থনীতি আম্ভণতৰীণ শক্তিৰেই সমৃদ্ধ কৰি তুলিব লাগিব৷ গুজৰাট, কেৰেলা, অন্ধপ্ৰদেশ আদিৰ দৰে অসমৰ প্ৰবাসীসকলৰ পৰা বৃহতমাত্ৰাত পূজীনিবেশ হয়তো সম্ভৱ নহয়, কিয়নো তেওঁলোক সৰহভাগেই চাকৰিজীৱী৷ উদ্ধোধনী সভালৈ 'মুখ্য অতিথি' [এইটো আকৌ এটা বিতৰ্কিত বিষয়, অসম চৰকাৰ যদি স-ব্যৱস্থাপক (co-organizer) হয়, তেন্তে তেওঁ অতিথি কেনেকৈ হ’ব? তেওঁ বোধহয় মুখ্য-ব্যৱস্থাপকহে হ’ব লাগিছিল!] হিচাপে দুঘণ্টা পলমকৈ অহা অসমৰ মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈয়ে এই কথাত সম্পূৰ্ণভাৱে অসন্মত হয় আৰু যুক্তি দাঙি ধৰে যে অসমক বাহিৰা বিনিয়োগ লাগিবই অন্যথা ইয়াৰ উন্নতি সম্ভৱপৰ নহয়৷ এই বিফল তত্ব বাৰেপতি অকৃতকাৰ্য্য হোৱাৰ উদাহৰণ আমি পাই আহিছো, বিশেষকৈ ভূ-আবদ্ধ উত্তৰ-পূবৰ এই ভূ-খণ্ডত৷ ইয়াৰ দ্বাৰাই প্ৰতিফলিত হয় 'মুখ্য অতিথি' গৰাকীৰ স্থবিৰ-মানসীকতা আৰু বিকল্প চিন্তাৰ অপৰাগতা৷ তেওঁৰ ভাষণটোও লেপ-পেলীয়া আৰু বিসংগতি পূৰ্ণ আছিল৷ পিছদিনাখন, সামৰণি সভা সোৱণি কৰিছিল মেঘালয়ৰ ৰাজ্যপাল আৰু পূৰ্বৰ আই এ এছ -অফিচাৰ শ্ৰী ৰণজিৎ শেখৰ মুচাহাৰীদেৱে ঠিক দুপৰীয়া ১:৩০ বজাত - এক মিনিটৰো হেৰ-ফেৰ নোহোৱাকৈ৷তেওঁৰ ভাষণো আছিল সংহতিপূৰ্ণ আৰু বহুতো মূল্যবান সুচিন্তিত উপদেশেৰে সমৃদ্ধ৷ অজানিতে তেওঁৰ প্ৰতি মোৰ মূৰ দো খাই গৈছিল৷ | ||
| 0 Comments | Permanent Link |
| ||
|
| ||
| 0 Comments | Permanent Link |
| ||
In recent days, this is a big question – “Who is Assamese?” Lots of debates and controversies are going on surrounding this topic. I was going through some news items related to the topic. Suddenly, one interesting thought came to y mind… I looked around me- specially the Assamese Community living outside Another unique community, I am deeply involved in, is an online one – XOBDO.ORG. People of this community, staying thousands of miles apart, are collaborating online, to create the first and the only online English-Assamese dictionary of the world. The spirit these communities exemplify a lot and it can be the source of our definition for “Assamese”. Irrespective of religion, ethnicity, linguistic affiliation, people of these communities works for a cause! At a given time, the cause may be as simple as “organizing a meeting” or as complex as “organizing the Rongali Bihu”. At that time, the individuals cooperate whole-heartedly to make the “cause” a success. Can’t this be the formula? In the period before 1826, the eastern part of present-day Assam was called the "Kingdom of Acham", presently known as the Ahom Kingdom, and the word "Assamese" was used to refer to the subjects of this kingdom*. "Assamese" was also used to refer to the soldiers that fought under the Ahom King's command that included subjects of allied kingdoms. Therefore, in this period, Assamese was a political category, not cultural or linguistic, that was used to define those associated with the At present day, we don’t have “ The “Assamese” are the soldiers fighting for a cause - social, economic and cultural all round development of That fight can be as far away as here in ___ * Bowrey, Thomas (1663) A Geographical Account of Countries around Bay of Bengal, ed Temple, R. C., Hakluyt Society's Publications. In this account, Bowrey describes the death of Mir Jumla, who had occupied the capital of the Ahom kingdom in the 17th century thus: "They lost the best of Nabobs, the Kingdome of Acham, and, by consequence, many large privileges".
| ||
| 0 Comments | Permanent Link |
| ||
GUWAHATI, 15-June, 2035 : With the formation of UPG (Uttar-Purb Ganarajya), some new issues came to being... 1) What the inhabitant will be called? 2) What will be the official language? 3) Where will be the capital / legislative assembly?
After a marathon debate, the followings were decided:
1) The inhabitant will be called "NEmese" in English and উপী in Assamese and other local languages.
2) A new artificial language will be developed "NEmese", it will be used as the official language. A modified set of Roman Script will be used for writing.
3) It will rotate among the state capital every year. | ||
| 0 Comments | Permanent Link |
| ||
Editorial Uttar-Purb Tribune Guwahati, Feb 10, 2035
"We differ where we differ, we unite where we need to be united" is the principle of creating the United Republics of South Asia or the URSA. The same principle will be applied in governing the Uttar-Purb Ganarajya (UPG). With all the earlier States or Pradesh assimilated into a single Ganarajya, this new entity will face a new challenge of individual identity of the different ethnic groups.
With the new rulings of the Supreme Court of the URSA and the subsequent rules of the Election Commission, no government entity or elected body can favour a minority or majority group identified by ethnicity, religion or language. An elected person represents all people inhabiting the district or constituency he/she is elected from. It is his/her responsibility for the wellfare of each and every individual of that constituency. The elected members are bound by oath of office to get rid of narrow mindset of looking at the welfare of a particular tribe, caste, religious or linguistic group; and look beyond on broader human-sense.
This new principles were invented after a Task Force known as "NE-Task Force 2015" identified the root cause of all the in-fighting and insurgency of the North-East seen during the 1980s through 2000s was the favoritism of the the elected members towards his/her own ethnic, religious or linguistic group. Once, they can get rid of this narrow mind set and work towards welfare of all with a broader mind, ALL PROBLEMS WILL BE SOLVED.
Now, the question is how will one preserve one's ethnic heritage or language? The answer is simple - you do not need your elected member to be of the same linguistic group to read or write a book in your language! You do not need your elected representative to be Bihu-Konwar to celebrate Bihu! Their responsibility is legislation and administration - create infrastructure, wealth and economic opportunities; maintain peace etc for us. We can have অসম সাহিত্য সভা and বড়ো সাহিত্য সভা side-by-side, we should not have any problem as long as there is no crime and everyone is busy generating wealth for himself/herself and for the nation !
| ||
| 0 Comments | Permanent Link |
| ||
GUWAHATI, 8 Feb, 2035: In an epoch creating development, the chief ministers of Assam and the Seven Sisters (Meghalaya, Arunachal Pradesh, Nagaland, Manipur, Mizoram, Tripura and Sikkim) signed an agreement to become one Republic within the United Republics of South Asia (URSA). Officially the Republic will be known as Uttar-Purb Ganarajya. (UPG)
This is the latest development in the recent spate of political unifications triggered by the formation of URSA in 2030. URSA was formed with several countries of the South Asia, namely, Afghanistan, India, Pakistan, Nepal, Bhutan, Myanmar, Bangladesh, Sri Lanka and Mal Deevs.
Immediately after formation of URSA, Pakistan-Administered-Kashmir and India-Administered-Kashmir were unified to form a single Republic - Kashmir Ganarajya.
With the formation of UPG, it is believed that the local economy will further cruise at 14% annual increment of GDP form the current rate of 13 % per annum.
STAFF REPORTER, Uttar-Purb Tribune | ||
| 0 Comments | Permanent Link |